Sunday, 28 August 2011

Anna Hazare ends Fast

নতুন প্ৰভাতৰ দোকমোকালিত আমাৰ কৰ্ত্তব্য়
পুলিন দত্ত
আজি ২৭ আগষ্ট, ২০১১ চন| এতিয়া গোধুলি ৯ বাজি ৩০ মিনিট হৈছে| খবৰ পালোঁ আজি লোকসভাত লোকপাল বিলখনৰ ওপৰত এটা সন্মতিসূচক প্ৰস্তাৱ লোৱা হৈছে আৰু সেই প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি প্ৰধান মন্ত্ৰীয়ে আন্না হাজাৰেলৈ অনশন এৰিবলৈ অনুৰোধ কৰি ৰামলীলা ক্ষেত্ৰলৈ দূত পঠিয়াইছে| আশা কৰোঁ আন্নাই এই অনুৰোধটোলৈ সন্মান জনাই কাইলৈ পুৱাতে তেখেতৰ ১২ দিনীয়া অনশন সমাপ্ত কৰি দেশৱাসীক ধন্য় কৰিব| মহাত্মা গান্ধীৰ প্ৰেৰণাই যে আজিও ইমান ডাঙৰ কাম এটা সম্ভৱ কৰি তুলিব পাৰে, সমগ্ৰ পৃথিৱীয়ে তবধ মানিবলৈ বাধ্য় হ’ব, যদিও কিছুমান সদায়ে নিজৰ দেশখনৰ একোকে ভাল নেদেখা ভাৰতীয়‍ই আন্নাৰ কামত একো মূল্য় নিদিব| কোনো কথা নাই, তেওঁলোকৰ ’চিনিচিজিম’ স্বত্তেও এইখন মহান দেশৰ প্ৰকৃতাৰ্থত গনতান্ত্ৰিক জনমানসে আৰু নিৰ্ভেজাল ভাল মানুহ ডঃ মনমোহন সিঙৰ নেতৃত্বৰে আমি আগ্ৰসৰ হবলৈ পাৰিমেই বুলি আজি ম‍ই নিশ্চিন্ত| কপিল সিবাল,অম্বিকা সোনি, দ্ৱীগবিজয় সিঙ হতঁৰ দৰে ভূৱা গান্ধীৱাদী সকলে নিশ্চয় ভয় খাব, কাৰণ তেওঁলোকৰ ’ৰাজনীতি’ক প্ৰধান মন্ত্ৰী আৰু জনতাই নাকচ কৰি দিলে, ১২ দিনতে| এইখিনিতে মানিব লাগিব, অৰ্থমন্ত্ৰী প্ৰণৱ মূখাৰ্জীৰ প্ৰভাৱশালী সাংসদী নেতৃত্ব আৰু বিচক্ষণ মধ্য়স্থতাকাৰীৰ কৌশল| এইটোহে আচল ’ৰাজনীতি’! সময় অনুসৰি বিৰোধী পক্ষৰ সৈতেও ইতিবাচক আলাপ-আলোচনাৰে সমস্য়াৰ সমাধান কৰিব পৰা মূখাৰ্জী ডাঙৰীয়াক শতবাৰ ধন্য়ৱাদ জনালোঁ|

Creative Commons License
This work is licensed under a Creative Commons Attribution-NonCommercial-NoDerivs 3.0 Unported License.

No comments: